Home Blog

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান

0

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি দিল্লীৰ সৈন্য বাহিনীৰ এখন চিকিৎসালয়ত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বৈকুণ্ঠপ্ৰয়াণ হয়।

কিছুসময়ৰ পূৰ্বে পুত্ৰ অভিজিত মুখাৰ্জীয়ে টুইটযোগে পিতৃৰ দেহাৱসানৰ বিষয়ে সদৰী কৰে। মৃত্যুৰ সময়ত মুখাৰ্জীৰ বয়স আছিল ৮৪ বছৰ।

কলিয়াবৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

0

চাৰি লেন যুক্ত পথ নিৰ্মাণত বিসংগতিৰ বাবে আজি পথ অৱৰোধ কৰে কলিয়াবৰৰ ৰাইজে। চাৰি লেন যুক্ত পথৰ কাষত উপ পথ নিৰ্মাণ আৰু নলাৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰায় আধা ঘন্টা সময় পথ অৱৰোধ কৰি প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত সৃষ্টি হয় তীব্ৰ যানজঁটৰ।

বটদ্ৰৱাৰ ৰাইদঙ্গীয়াৰ ৰাজপথত এদল যুৱক-যুৱতীৰ FREEDOM RUN

0

অসম পুলিচৰ সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইদংগীয়াৰ এদল যুৱক-যুৱতীয়ে। তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছে গাঁওখনৰে চি আৰ পি এফৰ জোৱান মৃদুল হাজৰিকাই।আজি পুৱা বটদ্ৰৱাৰ ৰাইডঙীয়াত FIT INDIA FREEDOM RUN উপলক্ষে দৌৰত অংশগ্ৰহণ কৰিলে গাওঁখনৰ প্ৰশিক্ষণ প্ৰাপ্ত যুৱক-যুৱতী সকলে।

কৰ’ণা মহামাৰী বাবে বৃহৎ লোকচানৰ সন্মুখীন মৃৎশিল্প উদ্যোগ

0

কৰ’ণা মহামাৰী বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ মৃৎশিল্পৰ ব্যৱসায়ীসকল। এতিয়া অসমীয়া সমাজ জীৱনৰ পবিত্ৰ ভাদ মাহ। এই ভাদ মাহতে ৰাজ্যৰ বিভিন্ন মথ মন্দিৰত চাকি জ্বলাই ভগৱানৰ ওচৰত সেৱা আগবঢ়ায় অসমৰ ৰাইজে। টীয়কতো তাৰ ব্যতিক্ৰম নহয়, বিশেষকৈ টীয়কৰ ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰ , মইনাপুৰীয়া নামঘৰ , কলীয়াপানীস্থিত আউনীআটী সত্ৰ, চটাইস্থিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ প্ৰতিদিনেই সহস্ৰাধিক ভক্তৰ আগমন হয়। এই ভক্ত সকলে নিজৰ মনোকামনা পুৰণৰ বাবে এগছি বন্তি জ্বলাই নেদেখা জনৰ চৰণত আশীষ বিচাৰে। কিন্তু এইবাৰ ক’ৰোণা মহামাৰী বাবে সত্ৰ, নামঘৰ সমূহত বন্তি প্ৰজ্বলনত বাধা আৰোপ কৰা হৈছে।

ইয়াৰ পোনপটীয়াকৈ প্ৰভাৱ পৰিছে মৃৎশিল্পৰ সৈতে জড়িত পৰিয়াল সমূহৰ ওপৰত।যাৰ ফলত এতিয়া পেটে ভাতে খাই থকা এই পৰিয়াল সমূহৰ জীৱনলৈ নামি আহিছে অমানিশা।সেয়ে এই ক্ষেত্ৰত চৰকাৰৰ কিছু শিথিলতা আশা কৰিছে ব্যৱসায়ীসকলে।

অসমৰ প্ৰথিতযশা কন্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান

0

সুকণ্ঠী গায়িকা তথা বিহু সম্ৰাট খগেন মহন্তৰ পত্নী অৰ্চনা মহন্তৰ আজি গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত দেহাৱসান ঘটে ।১৪জুলাইত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল গায়িকাগৰাকী ।পুত্ৰ পাপনৰ লগতে তেখেতৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসমবাসী।

দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সতে যুঁজি থকা এটি কণমানিৰ কথা

0

স্পন্দন…কনমানিটোৰ নাম স্পন্দন কিন্তু নিষ্ঠুৰ নিয়তিৰ কৰাল গ্ৰাসত পৰি আজি স্তব্ধ হ’ব ধৰিছে স্পন্দনৰ হৃদস্পন্দন।
কি নিষ্ঠুৰ বাস্তৱ, দুদিন আগলৈকে হাঁহি-খেলি থকা স্পন্দন আজি ICU ত ভৰ্তি হৈ আছে। কৃত্ৰিম উশাহ লৈ আছে কাৰণ নিজে উশাহ ল’ব পৰাৰ শক্তি ক্ৰমে হেৰুৱাব ধৰিছে মাইনাটোৱে।
কিছু সময় আগতেই লগ পাই আহিলোঁ যোৰহাটৰ সঞ্জীৱনী হস্পিতালত স্পন্দনৰ দেউতাক সুৰজিত ফুকনক। সন্তানক জীয়াই ৰখাৰ যুঁজত ক্ৰমে যেন হতাশ হৈ ভাগৰি পৰিব ধৰিছে দুৰ্ভগীয়া পিতৃয়ে। সাধাৰণ খেতি-বাতি কৰি এক সৰল জীৱন জীয়াই থকা সুৰজিত ফুকনৰ জীৱনলৈ 20 দিনমানৰ আগত নামি আহিছিল ধুমুহা। খেলি থাকোতে হঠাৎ পৰি যায় স্পন্দন। পকাত পৰে যদিও বাহ্যিক আঘাত বৰ বেছি নাছিল তাৰোপৰি কণমানিটোৱে হয়তো বুজাই কব পৰাও নাছিল যে ভিতৰি তাৰ কিমান কষ্ট হৈছে।


20 আগষ্ট তাৰিখে সি হঠাৎ অসুস্থ হৈ পৰে। বমি আৰু পেটৰ বিষত চটফটাবলৈ ধৰে সি। ততালিকে তাক সৰুপথাৰ অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰা হয়। উন্নত চিকিৎসাৰ অভাৱত তাক গোলাঘাটলৈ স্থানান্তৰ কৰা হয় যদিও গোলাঘাটতো সম্ভৱ হৈ নুঠিল স্পন্দনৰ চিকিৎসা। যোৱা 22 আগষ্ট তাৰিখে তাত সংকটজনক অৱস্থাত যোৰহাটৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰে হয়। ৰাতিলৈ তাৰ পেনক্ৰিয়াছৰ অপাৰেচন কৰা হয় যদিও চিকিৎসকে কোৱা মতে সি এতিয়াও বিপদমুক্ত নহয়। ইফালে দেউতাকৰ আৰ্থিক অৱস্থাও টনকিয়াল নহয় এনে ক্ষেত্ৰত কিমানদূৰ তেওঁ পুত্ৰৰ চিকিৎসাৰ বাবে আগুৱাব পাৰিব সেয়া এক চিন্তাৰ বিষয়। উন্নত চিকিৎসা নাপালে তাক জীয়াই ৰখা সম্ভৱ নহ’ব।বৰ অসহায় যেন লাগে এনে ক্ষেত্ৰত নিজক। আমি কি কৰিব পাৰো,আমাৰ ক্ষমতা কিমান এনে পৰিস্থিতিৰ সম্মুখীন হলেহে বুজিব পাৰি। আজি এই বাতৰি লিখাৰ এটাই উদ্দেশ্য, আহকচোন সকলোৱে মিলি চেষ্টা কৰো কনমানিটোক জীয়াই ৰখাৰ। আমি ভগৱান নহয় কিন্তু এই মুহূৰ্তত ভগৱানৰ দূত হিচাপে কাম কৰিব পাৰো। আমাৰ অলপ চেষ্টাই যদি কনমানিটোক পুনৰ জীৱন দিয়ে তেন্তে আমাৰ বা কি ক্ষতি?? আগবাঢ়ি আহকচোন সামৰ্থ্য অনুসৰি প্ৰতিজন বন্ধু-বান্ধৱী। স্পন্দনৰ চিকিৎসাৰ বাবে যথা সামৰ্থ্য অনুদান আপুনিও আগবঢ়াওক। টোপ টোপ পানী পৰিলে এখন সাগৰ ভৰিবলৈ বেছি সময় নালাগে। এয়াই মানৱধৰ্ম।

Bank details::

United bank of India
A/c: 0311010110543
ifsc: UTBI0BPT358
Holder name: Surajit Phukon
Ph number: 8638971638

শোণিতপুৰৰ ফুলবাৰী চাহ বাগিছাত কৃতি ছাত্ৰ ছাত্ৰীক আছাৰ সম্বৰ্ধনা

0

শোণিতপুৰৰ ফুলবাৰী চাহবাগিচাত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা চমুকৈ আছা’ই ।

আছাৰ বালিপৰা আঞ্চলিক কমিটিৰ উদ্যোগত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটিত অঞ্চলটোৰ বহু কেইগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় । সম্বৰ্ধনা অনুষ্ঠানটিত আছাৰ বহুকেইগৰাকী বিষয়ববীয়া তথা অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

কামপুৰৰ বৰকলাত বানাক্ৰান্তৰ বাবে স্বাস্থ্য শিবিৰ

0

বানপীড়িত অঞ্চলৰ লোকসকলে যাতে সঠিকভাৱে স্বাস্থ্য সেৱা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ডাঃ হেডগেৱাৰ জন কল্যাণ সমিতিৰ উদ্যোগত আৰু সেৱা ভাৰতীৰ সহযোগত নগাঁৱৰ বৰক’লাৰ মহগৰীয়া প্ৰাথমিক বিদ্যালয়ত দেওবাৰে এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ।

গুৱাহাটী আৰু নগাঁৱৰ পৰা অহা আঠজনীয়া চিকিৎসকৰ দল এটাই বৰক’লা অঞ্চলৰ প্ৰায় শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সম্পূৰ্ণ বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰে ।

টীয়কৰ লাহিং বাগানত বিদ্যুতপৃষ্টহৈ এজনৰ মৃত্যু

0

টীয়কৰ লাহিং চাহ বাগিচাত নিশা ভদ্ৰেস্বৰ মাহিলি নামৰ এজন লোক বিদ্যুত পৃষ্ট হৈ মৃত্যু হয় । নিশা আহাৰ গ্ৰহণ কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতে বিদ্যুত পৰিবাহী তাঁৰ চিঙি গাত পৰে ব্যক্তি জনৰ। ফলত থিতাতে নিহত হয় ব্যক্তি জন। দূৰ্বল বিদ্যুত পৰিবাহী তাঁৰ চিঙি যোৱাৰ ফলতেই এই দূৰ্ঘটনা সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত ব্যক্তি জনৰ মৰোণোত্তৰ পৰীক্ষা বাবে মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ।

বোকাজানত যোৱা নিশা ভয়ানক অগ্নিকাণ্ড

0

বোকাজানত যোৱা নিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। বোকাজানৰ সৰিয়হজানত কেইবাখনো দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।দোকান কেইখনৰ ভিতৰত হোটেল ,এখন গেলামাল দোকান আৰু টেণ্ট হাউচ আছিল।দোকানৰ প্ৰায় ৫০ লাখ টকাৰ সা-সামগ্ৰী জুইত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। জুইৰ সূত্ৰপাত কৰ পৰা হৈছিল এতিয়ালৈ জানিব পৰা হোৱা নাই। স্হানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনী আহি জুই নুমোৱাবলৈ সক্ষম হয়।