অসম চুক্তিৰ ৬ নং দফাত নাই শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ বাবে কোনো উল্লেখযোগ্য সুবিধা

0
73

পোহৰলৈ আহিছে অসম চুক্তিৰ বিসংগতি ৷ অথলে গ’ল অসম আন্দোলনৰ শ্বহীদ- নিৰ্যাতিতৰ ত্যাগ আৰু বলিদান ৷অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰস্তুত হোৱা অসম চুক্তিৰ ৬ নং দফাত নাই শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ বাবে কোনো উল্লেখযোগ্য সুবিধা ৷ শেহতীয়াকৈ আছুৱে অসম চুক্তিৰ ৬নং দফা ৰাজহুৱা কৰাৰ পিছতে চিন্তিত হৈ পৰিছে শ্বহীদ- নিৰ্যাতিত পৰিয়াল ৷আগন্তুক স্বাধীনতা দিৱসত শ্বহীদ- নিৰ্যাতিত পৰিয়ালৰ চৰকাৰী নিযুক্তি সন্দৰ্ভত স্পষ্ট নকৰিলে আমৰণ অনশন ৰূপায়ণ কৰিব বুলিও হুংকাৰ দিয়ে কুনুৰাম ৰংহাং নামৰ এগৰাকী শ্বহীদৰ পুত্ৰই ৷ আনহাতে, অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত জপিয়াই পৰা বীৰ শ্বহীদৰ পৰিয়ালৰ বাবে ই অতিকৈ দুখঃজনক বিষয় বুলি আক্ষেপ প্ৰকাশ কৰে সদৌ অসম শ্বহীদ- নিৰ্যাতিত পৰিয়াল পৰিষদে ৷ এইক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰক জবাবদিহি কৰে সংগঠনটোৱে ৷ ইফালে,শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ ৩১৫ গৰাকী সদস্যৰ ভিতৰত ৫ গৰাকীক চৰকাৰে সংস্থাপন দিছে যদিও এতিয়াও সংস্থাপন লাভ কৰা নাই ৩১০ গৰাকী সদস্যই ৷ অসম আন্দোলনৰ শ্বহীদক কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থাকিলেই নহ’ব; শ্বহীদ তথা নিৰ্যাতিতৰ পৰিয়াল আৰু সদস্যই কি পৰিস্থিতিত দিন অতিবাহিত কৰিছে সেয়াও চৰকাৰে বিচাৰ কৰিব লাগিব বুলিও আক্ষেপ প্ৰকাশ কৰে শ্বহীদ নিৰ্যাতিত পৰিয়ালে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here