আজি গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্মদিন

0
125

পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ১৯ আগষ্ট, ১৯০৪চনত,শিৱসাগৰ জিলাত। একেধাৰে কবি, গীতিকাৰ তথা নাট্যকলাৰ বিদগ্ধ পণ্ডিত পাৰ্বতিপ্ৰসাদ বৰুৱা আছিল অসমৰ সাংস্কৃতিক জগতখনৰ এগৰাকী পুৰোধা ব্যক্তি।ইয়াৰ উপৰিও অসমীয়া কথাছবি জগতৰ বাটকটীয়া সকলৰ এজন আছিল এইগৰাকী বৰেণ্য লোক। University of Calcuttaৰ অন্তৰ্গত কলকাতাৰ স্কটিছ ছাৰ্ছ কলেজৰ পৰা ফিলছফি বিষয়ত গ্ৰেজুৱেছন সম্পন্ন কৰিছিল পাৰ্বতী প্ৰসাদ বৰুৱাই। দহ বছৰ বয়সতে স্থানীয় এটি নাট্যদলে আয়োজন কৰা নাটকত জয়মতীৰ ভাও লৈ অভিনয় জগতত প্ৰথম খোজ পেলাইছিল তেওঁ।জুপিতৰা নামৰ এখন হাতেলিখা মাহেকীয়া আলোচনীও উলিয়াইছিল পাৰ্বতী প্ৰসাদ বৰুৱাই।তেখেতে অসমৰ চতুৰ্থখন অসমীয়া ছবি,’ৰূপহী’ পৰিচালনা কৰিছিল, যিখন ১৯৪১ চনত ছবিঘৰলৈ গৈছিল। এইবোৰৰ উপৰিও গীত,কবিতা, নাটক তথা বনগীত আদি ৰচনাৰে পাৰ্বতী প্ৰসাদ বৰুৱাই অসমৰ সাহিত্যজগত খন চহকী কৰি থৈ গৈছে।৭জুন ১৯৬৪ চনত এইগৰাকী অসমীয়া মণিষীৰ বৈকুণ্ঠ প্ৰয়াণ হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here