আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫২তম তিৰোভাৱ তিথি

0
83

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত। ধৰ্ম প্ৰচাৰৰ লগতে একেধাৰে এগৰাকী সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি তথা চিত্ৰকৰ আছিল শংকৰদেৱ।সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰাত বিশেষ অৰিহণা আছিল মহাপুৰুষজনাৰ।অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ’ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। তেনেই সৰু অৱস্থাতে পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন পালন কৰিছিল। সৰুতে তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে।বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা ‘কৰতল কমল’ ৰচনা কৰি সকলোকে অভিভূত কৰিছিল। ইয়াৰ পিছতে অধ্যাপক কন্দলিয়ে শঙ্কৰক ‘দেৱ’ উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত ছবছৰ পঢ়ি চাৰিবেদ, চৈধ্যশাস্ত্ৰ আৰু ওঠৰ পুৰাণ , নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়ায়। তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে বিদগ্ধ পণ্ডিত হৈ পৰে। প্ৰায় ১৭ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে।সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰেই আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি ‘ব্ৰজাৱলী’ নামে ভাষাত ৰচনা কৰিছিল। কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন আকৃষ্ট কৰাত সহায় কৰিছিল।

শ্ৰীশ্ৰীশঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাভাগত ভগাব পাৰি, যেনে: হৰিশ্চন্দ্ৰ উপাখ্যান,অজামিল উপাখ্যান,ৰুক্মিণী হৰণ কাব্য,বলিছলন,অমৃত মন্থন,গজেন্দ্ৰ উপাখ্যান,কুৰুক্ষেত্ৰ,গোপী-উদ্ধৱ সংবাদ,কৃষ্ণ প্ৰয়াণ - পাণ্ডব,নিৰ্বাৰণ,ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ সম্পাদনা কৰক,ভক্তি প্ৰদীপ,ভক্তি ৰত্নাকৰ ,নিমি-নৱসিদ্ধ সংবাদ,অনাদি পাতন,অনুবাদমূলক গ্ৰন্থ যেনে-ভাগৱত প্ৰথম, দ্বিতীয়,দশম স্কন্ধৰ আদিছোৱা,দ্বাদশ,স্কন্ধ, ৰামায়ণৰ উত্তৰা কাণ্ড,অঙ্কীয়া নাট যেনে-পত্নী প্ৰসাদ,কালিয়দমন,কেলিগোপাল,ৰুক্মিণী হৰণ,পাৰিজাত হৰণ,ৰাম বিজয়। গীত সম্পাদনা যেনে-বৰগীত,ভটিমা ,টোটয়,চপয়।নাম-প্ৰসঙ্গৰ গ্ৰন্থ যেনে-কীৰ্তন,গুণমালা আদি।

শ্ৰীশ্ৰীশঙ্কৰদেৱ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল বুলি কোৱা হয়। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল-বীৰ্য্যৰ পৰিচয় দিছিল।প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। আজিৰ পৰা পাঁচশ ৫০০ বছৰৰ আগতে শঙ্কৰদেৱে উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁ বৈকুণ্ঠ গমন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here