আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় মাগিলে মহেন্দ্ৰ সিং ধোনীয়ে

0
116

সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীক নিৰাশ কৰি আজি এটা Instagram post যোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ‘মাহী’ খ্যাত তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে। ভাৰতীয় ক্ৰিকেট দলক দুবাৰকৈ বিশ্বকাপ জয়ৰ সোৱাদ দিয়া ৩৯ বৰ্ষীয় উইকেট ৰক্ষক বেটছ্মেন গৰাকীৰ অৱসৰৰ বাতৰিয়ে আৱেগিক কৰি তুলিছে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীক। উল্লেখ্য যে ২০০৪ চনৰ ২৩ তাৰিখৰ দিনা বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা মহেন্দ্ৰ সিং। ধোনীয়ে নিজৰ ষোল্ল বছৰীয়া বৰ্ণিল ক্ৰিকেট কেৰিয়াৰত মুঠ ৯০ খন টেষ্ট মেছত সৰ্বমুঠ ৪৮৭৬ ৰাণ সংগ্ৰহ কৰে আৰু ২৫৬টা কেচ ধৰাৰ লগতে,৩৮ টা ষ্টাম্পিং কৰে।
একেদৰে, মুঠ ৩৫০খন এদিনীয়া ক্ৰিকেটত ৫০.৫৩ গড় ৰাণেৰে সৰ্বমুঠ ১০৭৭৩ ৰাণ সংগ্ৰহ কৰে আৰু ৩২১ টা কেচ ধৰাৰ লগতে ১২৩ টা ষ্টাম্পিং কৰে।
আনহাতে ৯৮ খন টি টুৱেন্টি মেছত ৩৭.৬০ গড় ৰাণেৰে সৰ্বমুঠ ১৬১৭ ৰাণ সংগ্ৰহ কৰে আৰু ৫৮ টা কেচ ধৰাৰ লগতে, ৩৪ টা ষ্টাম্পিং কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here