ঈদৰ প্ৰাকক্ষণত লাহৰীঘাটৰ টেঙাগুৰিৰ বানাক্ৰান্তক সাহাৰ্য প্ৰদান আমছুৰ

0
115

বৰলুইতৰ বলিয়া বানে সৰ্বস্বান্ত কৰিছে লাহৰীঘাট সমষ্টিৰ টেঙাগুৰি-ভূৰাগাঁও বাসীক।সম্প্ৰতি অঞ্চলটোৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও বলিয়া বানে খেতিপথাৰ সমূহ সম্পূৰ্ণ ৰূপে তচ-নচ কৰি থৈ যোৱাত আশ্ৰয় শিবিৰত খাদ্য সংকটত পৰিছে বানাক্ৰান্ত লোক সকল।এনে সময়তে টেঙাগুৰি অঞ্চলৰ দুৰ্গত লোক কাষত থিয় দিছে টেঙাগুৰি আঞ্চলিক আমছু।

কেইজনমান সচেতন নাগৰিকৰ সহযোগত টেঙাগুৰি আঞ্চলিক আমছুয়ে বান শিবিৰত থকা তিনি শতাধিক বন্যাৰ্তৰ মাজত আলু,পিয়াঁজ,মিঠাতেল,চেনি,ছেৱই,চাবোন,বিভিন্ন মছলাৰ লগতে আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।টেঙাগুৰি আঞ্চলিক আমছুৰ এনে মহানুভৱতাৰ শলাগ লয় অঞ্চলটোৰ সচেতন ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here