“কা”আইন বাতিলৰ দাবীত নাহৰকটীয়াত ছাত্ৰ সন্থাৰ মানৱ শৃংখল

0
53

প্ৰাইম নাও, নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্ত, ২৭ জুলাই:

আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ‘নাগৰিকত্ব সংশোধনী আইন ২০১৯’ বাতিল কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ৰজপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।  প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই মানৱ শৃংখল কাৰ্যসূচীত “কা” খিলঞ্জীয়াই নেমানে, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,কেন্দ্ৰীয় চৰকাৰ হায় হায়,অসম চৰকাৰ হুঁচিয়াৰ আদি শ্ল’গানেৰে কঁ‌পাই তোলে নাহৰকটীয়াৰ আকাশ বতাহ।”কা” আন্দোলনৰ ৫ জনকৈ শ্বহীদৰ ত্যাগক সন্মান জনাই অতিশীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰাৰ লগতে এই আইন বাতিল ন’হলে ধাৰাবাহিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিতুপৰ্ণ গগৈয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here