কাৰ্বি আংলঙক লৈ চ’চিয়েল মিডিয়াত বিৰূপ মন্তব্য যুৱকৰ;বোকাজান আৰক্ষী থানাত এজাহাৰ দাখিল

0
96

প্ৰাইম নাও,বোকাজানৰ পৰা সীমান্ত লাহন,৩১ জুলাই:

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অসম্পূৰ্ণ এখন দলঙৰ বাতৰি প্ৰকাশিত হৈছিল সংবাদ মাধ্যমত।বাতৰি সম্প্ৰচাৰৰ পিছতে বহু লোকে বিভিন্ন মন্তব্য প্ৰদান কৰিছিল।কিন্তু তাতেই বিৰূপ মন্তব্য প্ৰদান কৰি তীব্ৰ গৰিহণাৰ পাত্ৰ হৈছে গোলাঘাটৰ ঋতুৰাজ বৰা।সততে সামাজিক মাধ্যমত দেখিবলৈ পোৱা যায় সস্তীয়া তুলুঙা মন্তব্যৰে ফেচবুকত খলকনি তোলা একাংশ ফেচবুক বুদ্ধিজীৱিক। জ্ঞানেৰে পৰিপূৰ্ণ তাৰেই এজন ফেচবুক বুদ্ধিজীৱি হৈছে গোলাঘাটৰ ঋতুৰাজ বৰা। সংবাদ মাধ্যমত উক্ত দলঙখনৰ বাতৰি সম্প্ৰচাৰিত হোৱা পিছতে ঋতুৰাজ বৰাই মন্তব্য কৰে যে ‘কাৰ্বি আংলঙত এইবোৰ কি দৰকাৰ, তাতটো মানুহ নাথাকে জন্তুহে থাকে’।

এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে কাৰ্বি আংলঙবাসী ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কাৰ্বি ছাত্ৰ সন্থা,ছাত্ৰ যুৱ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ বিভিন্ন দল সংগঠনসমূহ। ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি, কাৰ্বি ছাত্ৰ সন্থা আৰু ছাত্ৰ যুৱ পৰিষদে বোকাজান আৰক্ষী থানাত ঋতুৰাজ বৰাৰ বিৰুদ্ধে এজাহাৰৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ঋতুৰাজ বৰাৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২৯৫(A) ধাৰাৰ ৮৪/২০ নং গোচৰত বোকাজান আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। অন্যহাতে জাতীয় সংগঠন সমূহে এনেধৰণৰ সমাজৰ ক্ষতিকাৰক বিৰূপ মন্তব্য প্ৰদান কৰা ঋতুৰাজ বৰাক আইনৰ জৰিয়তে শাস্তি প্ৰদানৰ দাবী জনায়। উল্লেখযোগ্য যে,কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও এনেধৰণৰ ঘৃণনীয় মন্তব্য প্ৰদান নকৰিবলৈ আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here