ঘোষিত নাহৰকটীয়া মহকুমাৰ যাৱতীয় কাম-কাজ খৰতকীয়া কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪ ঘন্টীয়া অনশন

0
63

আজি পুৱা ৯ বজাৰ পৰা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ স্মৃতি ভৱনৰ সন্মুখত ঘোষিত নাহৰকটীয়া মহকুমাৰ যাৱতীয় কাম-কাজ খৰতকীয়া কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী।এই কাৰ্যসূচীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা নাহৰকটীয়াবাসী ৰাইজসহ প্ৰায় অৰ্ধশতাধিক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হ’ল। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতুপৰ্ণ গগৈয়ে কয় যে আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল নাহৰকটীয়া মহকুমা হিচাপে ঘোষণা কৰাতো। সেই নিমিত্তে ২০১৬ চনৰ ০১ জানুৱাৰীত সেইসময়ৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাহৰকটীয়াক মহকুমা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল কিন্তু আজি পৰ্যন্ত কেৱল মহকুমা ন্যায়ালয়খনৰ বাদে কোনোধৰণৰ মহকুমা সম্পৰ্কীয় কাম-কাজ আগ নবঢ়াত এই মহকুমাক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনক অনশনস্থলীৰ পৰাই সকীয়নি প্ৰদান কৰে আৰু অতিশীঘ্ৰে নাহৰকটীয়া মহকুমাৰ কাম-কাজ খৰতকীয়া কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here