দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সতে যুঁজি থকা এটি কণমানিৰ কথা

0
272

স্পন্দন…কনমানিটোৰ নাম স্পন্দন কিন্তু নিষ্ঠুৰ নিয়তিৰ কৰাল গ্ৰাসত পৰি আজি স্তব্ধ হ’ব ধৰিছে স্পন্দনৰ হৃদস্পন্দন।
কি নিষ্ঠুৰ বাস্তৱ, দুদিন আগলৈকে হাঁহি-খেলি থকা স্পন্দন আজি ICU ত ভৰ্তি হৈ আছে। কৃত্ৰিম উশাহ লৈ আছে কাৰণ নিজে উশাহ ল’ব পৰাৰ শক্তি ক্ৰমে হেৰুৱাব ধৰিছে মাইনাটোৱে।
কিছু সময় আগতেই লগ পাই আহিলোঁ যোৰহাটৰ সঞ্জীৱনী হস্পিতালত স্পন্দনৰ দেউতাক সুৰজিত ফুকনক। সন্তানক জীয়াই ৰখাৰ যুঁজত ক্ৰমে যেন হতাশ হৈ ভাগৰি পৰিব ধৰিছে দুৰ্ভগীয়া পিতৃয়ে। সাধাৰণ খেতি-বাতি কৰি এক সৰল জীৱন জীয়াই থকা সুৰজিত ফুকনৰ জীৱনলৈ 20 দিনমানৰ আগত নামি আহিছিল ধুমুহা। খেলি থাকোতে হঠাৎ পৰি যায় স্পন্দন। পকাত পৰে যদিও বাহ্যিক আঘাত বৰ বেছি নাছিল তাৰোপৰি কণমানিটোৱে হয়তো বুজাই কব পৰাও নাছিল যে ভিতৰি তাৰ কিমান কষ্ট হৈছে।


20 আগষ্ট তাৰিখে সি হঠাৎ অসুস্থ হৈ পৰে। বমি আৰু পেটৰ বিষত চটফটাবলৈ ধৰে সি। ততালিকে তাক সৰুপথাৰ অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰা হয়। উন্নত চিকিৎসাৰ অভাৱত তাক গোলাঘাটলৈ স্থানান্তৰ কৰা হয় যদিও গোলাঘাটতো সম্ভৱ হৈ নুঠিল স্পন্দনৰ চিকিৎসা। যোৱা 22 আগষ্ট তাৰিখে তাত সংকটজনক অৱস্থাত যোৰহাটৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰে হয়। ৰাতিলৈ তাৰ পেনক্ৰিয়াছৰ অপাৰেচন কৰা হয় যদিও চিকিৎসকে কোৱা মতে সি এতিয়াও বিপদমুক্ত নহয়। ইফালে দেউতাকৰ আৰ্থিক অৱস্থাও টনকিয়াল নহয় এনে ক্ষেত্ৰত কিমানদূৰ তেওঁ পুত্ৰৰ চিকিৎসাৰ বাবে আগুৱাব পাৰিব সেয়া এক চিন্তাৰ বিষয়। উন্নত চিকিৎসা নাপালে তাক জীয়াই ৰখা সম্ভৱ নহ’ব।বৰ অসহায় যেন লাগে এনে ক্ষেত্ৰত নিজক। আমি কি কৰিব পাৰো,আমাৰ ক্ষমতা কিমান এনে পৰিস্থিতিৰ সম্মুখীন হলেহে বুজিব পাৰি। আজি এই বাতৰি লিখাৰ এটাই উদ্দেশ্য, আহকচোন সকলোৱে মিলি চেষ্টা কৰো কনমানিটোক জীয়াই ৰখাৰ। আমি ভগৱান নহয় কিন্তু এই মুহূৰ্তত ভগৱানৰ দূত হিচাপে কাম কৰিব পাৰো। আমাৰ অলপ চেষ্টাই যদি কনমানিটোক পুনৰ জীৱন দিয়ে তেন্তে আমাৰ বা কি ক্ষতি?? আগবাঢ়ি আহকচোন সামৰ্থ্য অনুসৰি প্ৰতিজন বন্ধু-বান্ধৱী। স্পন্দনৰ চিকিৎসাৰ বাবে যথা সামৰ্থ্য অনুদান আপুনিও আগবঢ়াওক। টোপ টোপ পানী পৰিলে এখন সাগৰ ভৰিবলৈ বেছি সময় নালাগে। এয়াই মানৱধৰ্ম।

Bank details::

United bank of India
A/c: 0311010110543
ifsc: UTBI0BPT358
Holder name: Surajit Phukon
Ph number: 8638971638

LEAVE A REPLY

Please enter your comment!
Please enter your name here