নামৰূপত সমন্বয় জনজাতি উন্নয়ন প্ৰকল্পৰ সামগ্ৰী বিতৰণ

0
78

প্ৰাইম নাও, নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্ত, ২৭ জুলাই:

অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত সমন্বয় জনজাতি উন্নয়ন প্ৰকল্পৰ সামগ্ৰী আজি নামৰূপত বিতৰণ কৰা হয় ৷ জনজাতি উন্নয়ন প্ৰকল্পৰ নাহৰকটীয়া সমষ্টিৰ সদস্য হৰিকান্ত বড়োৰ নেতৃত্বত বিতৰণ কৰা এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱা ৷ উক্ত বিতৰণ কাৰ্যসূচীত জয়পুৰ মণ্ডলৰ অধীনৰ ছখন পঞ্চায়তৰ মুঠ ১৮ টা পানীৰ ফিল্টাৰ আৰু ২ টা চিলাইৰ মেচিন বিতৰণ কৰাৰ উপৰিও হাপজান গৰিয়াবাম গাঁৱৰ নামঘৰৰ ওচৰত এটা সৌৰ চালিত বিজুলী বাতি প্ৰদান কৰা হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here