নাহৰকটীয়াত বিজেপি নেতা তৰংগ গগৈৰ নেতৃত্বত ৭ শতাধিক লোকৰ বিজেপিত আনুষ্ঠানিক যোগদান

0
81

বুধবাৰে নাহৰকটীয়াৰ দীঘলীয়া গাওঁ পঞ্চায়তৰ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত নৱ নিযুক্ত অসম ৰাজ্যিক বিজেপিৰ সম্পাদক তৰংগ গগৈক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। নাহৰকটীয়া মণ্ডল বিজেপিৰ সভাপতি গকুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাখনত বিজেপিৰ ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সদস্য অমূল্য চেংলাৰী,বিজেপি মহিলা পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদিকা গৌৰী বৰা,বিজেপি যুৱ মৰ্চা নাহৰকটীয়া মণ্ডলৰ সাধাৰণ সম্পাদক জেমচ্ গগৈকে প্ৰমুখ্যে কৰি বহুকেইজন বিজেপিৰ দলীয় কৰ্মীৰ লগতে প্ৰায় ৮ শতাধিক সাধাৰণ ৰাইজ উপস্থিত থাকে। এই সভাত দলীয় কৰ্মীৰ লগতেই বহু সাধাৰণ ৰাইজে তৰংগ গগৈক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই লগতে সম্বৰ্ধনা সভাখনতেই দিঘলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ প্ৰায় ৭০০ ভোটাৰে বিজেপি নেতা তৰংগ গগৈৰ নেতৃত্বত বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰাত গেৰুৱা দলটোৰ ভেটি যথেষ্ট শক্তিশালী কৰা পৰিলক্ষিত হ’ল। এই সংক্ৰান্তত সংবাদ মাধ্যমে কৰা প্ৰশ্নৰ উত্তৰত নৱ নিযুক্ত বিজেপি ৰাজ্যিক সম্পাদক তৰংগ গগৈয়ে কয় যে,”কেৱল মাত্ৰ দিঘলীয়া গাওঁ পঞ্চায়তৰ এখন সভাতেই ৭০০ ভোটাৰে বিজেপিত যোগদান কৰা কাৰ্যই প্ৰমাণ কৰে যে নাহৰকটীয়া সমষ্টিত আৰু ২০-২৫ হাজাৰ লোকে বিজেপিলৈ আগমন কৰিবলৈ সাজু হৈ আছে।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here