পৰিচয় গোপনে ৰাখি অন্য ধৰ্মৰ যুৱতীক পলুৱাই আনি ৰঙাঘৰৰ আলহী হ’ল প্ৰেমিক

0
97

নিজৰ প্ৰকৃত পৰিচয় গোপনে ৰাখি বৰপেটাৰ পৰা এগৰাকী যুৱতীক পলুৱাই আনিছিল ইনতাজ আলী নামৰ বিবাহিত লোকজনে ৷ বৰপেটাৰ পৰা জাগীৰোডলৈ যুৱতী পলুৱাই আনি আৰক্ষীৰ জালত পৰিল ইনতাজ আলী ৷ জানিব পৰা মতে ইনতাজ আলী নামৰ বিবাহিত লোকজনে প্ৰায় ৪ বছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল বৰপেটাৰ বৈশ্য উপাধিৰ এগৰাকী যুৱতীৰ সৈতে ৷ প্ৰকৃত নাম গোপনে ৰাখি নিজকে বনজিৎ বুলি যুৱতীগৰাকীক চিনাকি দিছিল মৰিগাওঁ জিলাৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত বুৱালগুৰী গাঁৱৰ ইনতাজে ৷ তাৰ পিছৰে পৰা দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেম ৷ অৱশেষত যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনে ইনতাজ আলীয়ে ৷ পিছত যুৱতীগৰাকীৰ সতে জাগীৰোডত ঘুৰি ফুৰোতে স্থানীয় লোকৰ সন্দেহ ওপজাত সোধপোছ কৰোতে ওলাই পৰে উৰহী গছৰ ওৰ ৷ তাৰ পিছতে জাগীৰোড আৰক্ষীক চমজাই দিয়া হয় দুুয়োকে ৷ জাগীৰোড আৰক্ষীয়ে যুৱতীগৰাকীক পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে যোগাযোগ কৰিছে বৰপেটা আৰক্ষীৰ সৈতে ৷ এই সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত গোচৰ ৰুজু হোৱা বুলি জানিবলৈ দিছে জাগীৰোড আৰক্ষীয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here