মন্ত্ৰী সঞ্জয় কিষাণৰ সংবাদমেল,৮ টা আঁচনি অনলাইন মাধ্যমেৰে আবেদনপত্ৰ গ্ৰহণৰ ব্যৱস্থা

0
137

অসম চৰকাৰৰ শ্ৰম আৰু চাহ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে আজি তিনিচুকীয়া আৱৰ্ত ভৱনত দিনৰ ৩ বজাত এখন সংবাদমেল আয়োজন কৰে । এই সংবাদমেলত তিনিচুকীয়া জিলাৰ প্ৰায় সংখ্যক সাংবাদিক উপস্থিত থাকে । মন্ত্ৰীজনে প্ৰথমেই সাংবাদিক সকলক স্বাগতম জনাই কয়-অসমৰ চাহ জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে সৰ্বস্তৰৰ শিক্ষা , স্ব-নিয়োজিত যুৱক- যুৱতীসকলৰ আৰ্থিক উপাৰ্জন বৃদ্ধিৰে আত্মসংস্থাপন তথা মহিলাসকলৰ মাজত আত্মসহায়ক গোটৰ জৰিয়তে সজাগতা বৃদ্ধি আৰু বিত্তীয় অনুদান প্ৰদান কৰাৰ লক্ষ্যৰে চাহ জনজাতি কল্যাণ বিভাগে ৮ টা আঁচনি সম্পূৰ্ণ স্বচ্ছ,ক্ৰুটিবিহীন আৰু নিদিষ্ট সময়ত সূচাৰুৰূপে ৰূপায়ণৰ লক্ষ্যৰে অনলাইন মাধ্যমেৰে আবেদনপত্ৰ গ্ৰহণৰ ব্যৱস্থা কৰিছে।মন্ত্ৰীজনে আঁচনি সমূহৰ বিৱৰণ দিয়ে এনেদৰে-
১/প্ৰাক প্ৰৱেশিকা জলপাণিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত দুই কোটি টকা ধাৰ্য্য কৰা হৈছে ।
২/চাইমন সিংহৰ প্ৰৱেশিকোত্তৰ বিশেষ জলপাণি আঁচনিৰ বাবে ২০২১ বিত্তীয় বৰ্ষত ৭ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৩/ প্ৰৱেশিকোত্তৰ জলপানিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ৬ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৪/ উচ্চ শিক্ষাৰ বাবে বিত্তীয় অনুদান আঁচনিৰ আধিনত ২০২১ বিত্তীয় বৰ্ষত ২ কোটি টকা ধাৰ্য্য কৰা হৈছে।
৫/ এই এন এম ,জি এন এম নাৰ্ছ আৰু পেৰামেডিকেল কাৰিকৰী শিক্ষা বিত্তীয় অনুদান আঁচনিৰ অধীনত ২০-২১ বিত্তীয় বৰ্ষত ৪ কোটি টকা ধাৰ্য্য কৰা হৈছে ।
৬/ উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ আঁচনিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ১ কোটি টকা ধাৰ্য্য কৰা হৈছে ।
৭/ শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজন আঁচনিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ৪০ কোটি টকা ধাৰ্য্য কৰা হৈছে।
৮/ মহিলা আত্মসহায়ক গোটলৈ আৰ্থিক অনুদান আঁচনিৰ অধীনত ২০-২১ বিত্তীয় বৰ্ষত ১ কোটি টকা ধাৰ্য্য কৰা হৈছে । মন্ত্ৰীজনে এই ৮ টা আঁচনিৰ বাবে অনলাইন মাধ্যমেৰে আবেদনপত্ৰ গ্ৰহণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে আৰু অধিক তথ্যৰ বাবে অসম চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বেৱছাইট www ttwd.assam.gov.in ৰ জৰিয়তে যোগাযোগ কৰি অনলাইন প্ৰ-প্ৰত্ৰ দাখিলৰ বাবে URL Https://sirish.ttwonlineapplication ত লগইন কৰিব পৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here