Home Blog Page 11

“কা”আইন বাতিলৰ দাবীত নাহৰকটীয়াত ছাত্ৰ সন্থাৰ মানৱ শৃংখল

0

প্ৰাইম নাও, নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্ত, ২৭ জুলাই:

আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ‘নাগৰিকত্ব সংশোধনী আইন ২০১৯’ বাতিল কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ৰজপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।  প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই মানৱ শৃংখল কাৰ্যসূচীত “কা” খিলঞ্জীয়াই নেমানে, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,কেন্দ্ৰীয় চৰকাৰ হায় হায়,অসম চৰকাৰ হুঁচিয়াৰ আদি শ্ল’গানেৰে কঁ‌পাই তোলে নাহৰকটীয়াৰ আকাশ বতাহ।”কা” আন্দোলনৰ ৫ জনকৈ শ্বহীদৰ ত্যাগক সন্মান জনাই অতিশীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰাৰ লগতে এই আইন বাতিল ন’হলে ধাৰাবাহিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিতুপৰ্ণ গগৈয়ে।

বিজেপিৰ মৰিগাওঁ- জাগীৰোড যুৱ মৰ্চাৰ উদ্যোগত পবিতৰাৰ জীৱকূলক খাদ্য যোগান

0


প্ৰাইম নাও,জাগীৰোডৰ প্ৰতিবেদক, ২৭ জুলাই:

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যতো সংহাৰী ৰূপ ধাৰন কৰিছে বানে ৷ ইফালে তীব্ৰ খাদ্য সংকটত ভূগিছে পবিতৰাৰ জীৱকূল ৷ এশিঙিয়া গঁড়ৰ লগতে আন আন বন্যজন্তুসমূহ খাদ্যৰ সন্ধানত উলাই আহিছে জনাঞ্চললৈ৷ খাদ্যৰ সন্ধানত পবিতৰাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ সন্মূখত গঁড়ে কৰিছে মুক্ত বিচৰণ ৷ তাৰ মাজতে একাংশ প্ৰকৃতি প্ৰেমীয়ে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ ভাৰতীয় জনতা পাৰ্টী মৰিগাওঁ জিলা যুৱ মৰ্চা আৰু জাগীৰোড সমষ্টি যুৱ মৰ্চাৰ উদ্যোগত পবিতৰাৰ জীৱকূলক যোগান ধৰে খাদ্য ৷ ইফালে,দিন ৰাতি একাকাৰ কৰি অশেষ কষ্টৰ মাজেৰে অভয়াৰণ্যখনৰ বন্যজন্তুক ৰক্ষনাবেক্ষন দিয়া বনকৰ্মীকো প্ৰদান কৰে খাদ্য সামগ্ৰী ৷

ReplyForward

ঐতিহাসিক কুঁজিসত্ৰত ১২ জনকৈ লোকৰ দেহত ক’ৰ’না

0

ঐতিহাসিক কুঁজিসত্ৰত ১২ জনকৈ লোকৰ দেহত ক’ৰ’না
প্ৰাইম নাও, বটদ্ৰৱা, ২৫ জুলাই:গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ঐতিহাসিক কুঁজিসত্ৰত ১২ জনকৈ লোকৰ দেহত ধৰা পৰিছে ‘ক’ভিড১৯’। আতংকিত সত্ৰবাসী।ঐতিহাসিক কুঁজিসত্ৰৰ প্ৰশান্ত হাজৰিকা নামৰ এজন যুৱকৰ দেহত কেইদিনমান পূৰ্বে ধৰা পৰিছিল ‘কভিড ১৯’।তাৰ পিছতেই মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে তৎপৰতাৰে যুৱকজনৰ সংস্পর্শলৈ অহা লোকৰ পৰা স্বাব সংগ্ৰহ কৰে।শনিবাৰে স্বাবৰ ফলাফলত ১২ জনকৈ লোকৰ দেহত ধৰা পৰে ‘কভিড১৯’। সত্র পৰিচালনা সমিতিয়ে তীৰ্থযাত্রীৰ আগমনৰ ক্ষেত্ৰত প্ৰদান কৰিছে বাধা।তৎপৰ স্বাস্থ্য বিভাগ ।