Home Blog Page 2

পৰিচয় গোপনে ৰাখি অন্য ধৰ্মৰ যুৱতীক পলুৱাই আনি ৰঙাঘৰৰ আলহী হ’ল প্ৰেমিক

0

নিজৰ প্ৰকৃত পৰিচয় গোপনে ৰাখি বৰপেটাৰ পৰা এগৰাকী যুৱতীক পলুৱাই আনিছিল ইনতাজ আলী নামৰ বিবাহিত লোকজনে ৷ বৰপেটাৰ পৰা জাগীৰোডলৈ যুৱতী পলুৱাই আনি আৰক্ষীৰ জালত পৰিল ইনতাজ আলী ৷ জানিব পৰা মতে ইনতাজ আলী নামৰ বিবাহিত লোকজনে প্ৰায় ৪ বছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল বৰপেটাৰ বৈশ্য উপাধিৰ এগৰাকী যুৱতীৰ সৈতে ৷ প্ৰকৃত নাম গোপনে ৰাখি নিজকে বনজিৎ বুলি যুৱতীগৰাকীক চিনাকি দিছিল মৰিগাওঁ জিলাৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত বুৱালগুৰী গাঁৱৰ ইনতাজে ৷ তাৰ পিছৰে পৰা দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেম ৷ অৱশেষত যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনে ইনতাজ আলীয়ে ৷ পিছত যুৱতীগৰাকীৰ সতে জাগীৰোডত ঘুৰি ফুৰোতে স্থানীয় লোকৰ সন্দেহ ওপজাত সোধপোছ কৰোতে ওলাই পৰে উৰহী গছৰ ওৰ ৷ তাৰ পিছতে জাগীৰোড আৰক্ষীক চমজাই দিয়া হয় দুুয়োকে ৷ জাগীৰোড আৰক্ষীয়ে যুৱতীগৰাকীক পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে যোগাযোগ কৰিছে বৰপেটা আৰক্ষীৰ সৈতে ৷ এই সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত গোচৰ ৰুজু হোৱা বুলি জানিবলৈ দিছে জাগীৰোড আৰক্ষীয়ে ৷

পঞ্জাৱ নেশ‍্যনেল বেংকৰ উদ্যোগত বটদ্ৰৱা থানত মাস্ক-চেনিটাইজাৰ বিতৰণ

0

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫২ সংখ্যক তিৰোভাৱ তিথি। মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱাত উলহ-মালহেৰে ৪৫২ সংখ্যক তিৰোভাৱ তিথি উদযাপন কৰা হয়।পূৰ্বতে এই দিনটোত বটদ্ৰৱা থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। কিন্তু এইবাৰ মহামাৰী ক’ৰণাৰ সন্ত্ৰাসৰ বাবে দেখা গল ভক্তৰ সীমিত সংখ্যা।

এই মহামাৰী ক’ৰণাৰ সন্ত্ৰাসৰ সময়ত পঞ্জাৱ নেশ‍্যনেল বেংকে এই মহামাৰী ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বটদ্ৰৱা থানত প্ৰায় ১০০০ জন ভক্ত আৰু থান পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি স্বাস্থ্যবিধি মানি চলিবলৈ সকলোকে আহ্বান জনায়।সামাজিক দায়বদ্ধতাৰ অংশৰূপে বিত্তীয় প্ৰতিষ্ঠানটোৱে মৰিগাঁও, হোজাই, বিশ্বনাথ, শোণিতপুৰ, আদি জিলাটো মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি আহিছে।

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫২তম তিৰোভাৱ তিথি

0

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত। ধৰ্ম প্ৰচাৰৰ লগতে একেধাৰে এগৰাকী সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি তথা চিত্ৰকৰ আছিল শংকৰদেৱ।সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰাত বিশেষ অৰিহণা আছিল মহাপুৰুষজনাৰ।অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ’ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। তেনেই সৰু অৱস্থাতে পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন পালন কৰিছিল। সৰুতে তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে।বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা ‘কৰতল কমল’ ৰচনা কৰি সকলোকে অভিভূত কৰিছিল। ইয়াৰ পিছতে অধ্যাপক কন্দলিয়ে শঙ্কৰক ‘দেৱ’ উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত ছবছৰ পঢ়ি চাৰিবেদ, চৈধ্যশাস্ত্ৰ আৰু ওঠৰ পুৰাণ , নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়ায়। তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে বিদগ্ধ পণ্ডিত হৈ পৰে। প্ৰায় ১৭ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে।সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰেই আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি ‘ব্ৰজাৱলী’ নামে ভাষাত ৰচনা কৰিছিল। কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন আকৃষ্ট কৰাত সহায় কৰিছিল।

শ্ৰীশ্ৰীশঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাভাগত ভগাব পাৰি, যেনে: হৰিশ্চন্দ্ৰ উপাখ্যান,অজামিল উপাখ্যান,ৰুক্মিণী হৰণ কাব্য,বলিছলন,অমৃত মন্থন,গজেন্দ্ৰ উপাখ্যান,কুৰুক্ষেত্ৰ,গোপী-উদ্ধৱ সংবাদ,কৃষ্ণ প্ৰয়াণ - পাণ্ডব,নিৰ্বাৰণ,ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ সম্পাদনা কৰক,ভক্তি প্ৰদীপ,ভক্তি ৰত্নাকৰ ,নিমি-নৱসিদ্ধ সংবাদ,অনাদি পাতন,অনুবাদমূলক গ্ৰন্থ যেনে-ভাগৱত প্ৰথম, দ্বিতীয়,দশম স্কন্ধৰ আদিছোৱা,দ্বাদশ,স্কন্ধ, ৰামায়ণৰ উত্তৰা কাণ্ড,অঙ্কীয়া নাট যেনে-পত্নী প্ৰসাদ,কালিয়দমন,কেলিগোপাল,ৰুক্মিণী হৰণ,পাৰিজাত হৰণ,ৰাম বিজয়। গীত সম্পাদনা যেনে-বৰগীত,ভটিমা ,টোটয়,চপয়।নাম-প্ৰসঙ্গৰ গ্ৰন্থ যেনে-কীৰ্তন,গুণমালা আদি।

শ্ৰীশ্ৰীশঙ্কৰদেৱ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল বুলি কোৱা হয়। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল-বীৰ্য্যৰ পৰিচয় দিছিল।প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। আজিৰ পৰা পাঁচশ ৫০০ বছৰৰ আগতে শঙ্কৰদেৱে উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁ বৈকুণ্ঠ গমন কৰে।

নাহৰকটীয়াত বিজেপি নেতা তৰংগ গগৈৰ নেতৃত্বত ৭ শতাধিক লোকৰ বিজেপিত আনুষ্ঠানিক যোগদান

0

বুধবাৰে নাহৰকটীয়াৰ দীঘলীয়া গাওঁ পঞ্চায়তৰ বিজেপি যুৱ মৰ্চাৰ উদ্যোগত নৱ নিযুক্ত অসম ৰাজ্যিক বিজেপিৰ সম্পাদক তৰংগ গগৈক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। নাহৰকটীয়া মণ্ডল বিজেপিৰ সভাপতি গকুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাখনত বিজেপিৰ ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সদস্য অমূল্য চেংলাৰী,বিজেপি মহিলা পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদিকা গৌৰী বৰা,বিজেপি যুৱ মৰ্চা নাহৰকটীয়া মণ্ডলৰ সাধাৰণ সম্পাদক জেমচ্ গগৈকে প্ৰমুখ্যে কৰি বহুকেইজন বিজেপিৰ দলীয় কৰ্মীৰ লগতে প্ৰায় ৮ শতাধিক সাধাৰণ ৰাইজ উপস্থিত থাকে। এই সভাত দলীয় কৰ্মীৰ লগতেই বহু সাধাৰণ ৰাইজে তৰংগ গগৈক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই লগতে সম্বৰ্ধনা সভাখনতেই দিঘলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ প্ৰায় ৭০০ ভোটাৰে বিজেপি নেতা তৰংগ গগৈৰ নেতৃত্বত বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰাত গেৰুৱা দলটোৰ ভেটি যথেষ্ট শক্তিশালী কৰা পৰিলক্ষিত হ’ল। এই সংক্ৰান্তত সংবাদ মাধ্যমে কৰা প্ৰশ্নৰ উত্তৰত নৱ নিযুক্ত বিজেপি ৰাজ্যিক সম্পাদক তৰংগ গগৈয়ে কয় যে,”কেৱল মাত্ৰ দিঘলীয়া গাওঁ পঞ্চায়তৰ এখন সভাতেই ৭০০ ভোটাৰে বিজেপিত যোগদান কৰা কাৰ্যই প্ৰমাণ কৰে যে নাহৰকটীয়া সমষ্টিত আৰু ২০-২৫ হাজাৰ লোকে বিজেপিলৈ আগমন কৰিবলৈ সাজু হৈ আছে।”

আজি গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্মদিন

0

পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ১৯ আগষ্ট, ১৯০৪চনত,শিৱসাগৰ জিলাত। একেধাৰে কবি, গীতিকাৰ তথা নাট্যকলাৰ বিদগ্ধ পণ্ডিত পাৰ্বতিপ্ৰসাদ বৰুৱা আছিল অসমৰ সাংস্কৃতিক জগতখনৰ এগৰাকী পুৰোধা ব্যক্তি।ইয়াৰ উপৰিও অসমীয়া কথাছবি জগতৰ বাটকটীয়া সকলৰ এজন আছিল এইগৰাকী বৰেণ্য লোক। University of Calcuttaৰ অন্তৰ্গত কলকাতাৰ স্কটিছ ছাৰ্ছ কলেজৰ পৰা ফিলছফি বিষয়ত গ্ৰেজুৱেছন সম্পন্ন কৰিছিল পাৰ্বতী প্ৰসাদ বৰুৱাই। দহ বছৰ বয়সতে স্থানীয় এটি নাট্যদলে আয়োজন কৰা নাটকত জয়মতীৰ ভাও লৈ অভিনয় জগতত প্ৰথম খোজ পেলাইছিল তেওঁ।জুপিতৰা নামৰ এখন হাতেলিখা মাহেকীয়া আলোচনীও উলিয়াইছিল পাৰ্বতী প্ৰসাদ বৰুৱাই।তেখেতে অসমৰ চতুৰ্থখন অসমীয়া ছবি,’ৰূপহী’ পৰিচালনা কৰিছিল, যিখন ১৯৪১ চনত ছবিঘৰলৈ গৈছিল। এইবোৰৰ উপৰিও গীত,কবিতা, নাটক তথা বনগীত আদি ৰচনাৰে পাৰ্বতী প্ৰসাদ বৰুৱাই অসমৰ সাহিত্যজগত খন চহকী কৰি থৈ গৈছে।৭জুন ১৯৬৪ চনত এইগৰাকী অসমীয়া মণিষীৰ বৈকুণ্ঠ প্ৰয়াণ হয়।

ক’ভিড ১৯ ত আক্ৰান্ত বুঢ়াচাপৰি অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া জে.চি মণ্ডলৰ মৃত্যু

0

লাওখোৱা অভয়াৰণ্যত বানপানী কিছু হ্ৰাস পাই অহাৰ পাছতেই কৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে ৷বৰ্তমানলৈকে ৯ জন বনকৰ্মীৰ শৰীৰত ক’ভিড ১৯ পজিটিভ ধৰা পৰাত চিকিৎসাধীন হৈ থাকিব লগাত পৰিছে। আজি বুঢ়াচাপৰি অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া জে.চি মণ্ডল ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’মত চিকিৎসাধীন হৈ আছিল জে চি মণ্ডল ।কিছুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল বিষয়া জন ৷ পৰীক্ষাৰ অন্তত তেখেতৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে ৷

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ বাবেই সৰভোগত ২০২১ ত বিধায়ক হ’ব নোৱাৰে ৰঞ্জিত দাস

0

ৰঞ্জিত কুমাৰ দাসৰ অংক নিমিলিব এইবাৰ সৰভোগত। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক প্ৰত্যাহ্বান আমিলুন ইছলামৰ। ২০২১ত সৰভোগৰ পৰা বিধায়ক হৈ আহিব নোৱাৰে ৰঞ্জিত দাস। কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাৰ বাবেই ২০২১ ত পৰাজিত হ’ব ৰঞ্জিত দাসৰ। কংগ্ৰেছ- এ আই ইউ ডি এফৰ ৰ মিত্ৰতাত শংকিত হৈছে ৰঞ্জিত দাস।যৌথ মিত্ৰতাৰ ভয়তেই সমষ্টি সলনি কৰিব বিচাৰিছে ৰঞ্জিত দাসে। বিজেপিৰ মিচন ১০০+ বিপৰীতে ৰাজনৈতিক পথাৰত নামিব কংগ্ৰেছ- এ আই ই ডি এফ। ‍কংগ্ৰেছ এ আই ইউ ডি এফ ৰ মিত্ৰতাৰ বাবে ২০২১ ত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ব। কংগ্ৰেছ এ আই ইউ ডি এফে মিত্ৰতা কৰিলে দোষ। বিজেপি অগপই মিত্ৰতা কৰিলে দোষ নাই। এই গুৰুত্বপূৰ্ণ মন্তব্য এ আই ইউ ডি এফৰ নেতা আমিনুল ইছলামৰ।কংগ্ৰেছ এ আই ইউ ডি এফৰ বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাত সাংবাদিক আগত এই মন্তব্য আমিনুল ইছলামৰ। লগতে কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ গুৰুত্বপূৰ্ণ মন্তব্য- ৰাজ্য সভাৰ নিৰ্বাচন কংগ্ৰেছ এ আই ইউ ডি এফৰ বাবে আছিল কোৱাৰ্টাৰ ফাইনেল।আৰু বিটিচি নিৰ্বাচন কংগ্ৰেছ এ আই ইউ ডি এফৰ বাবে ছেমি ফাইনেল । বিটিচিত ১২-১৫ খন আসন লাভ কৰিব কংগ্ৰেছ এ আই ইউ ডি এফে।

মন্ত্ৰী সঞ্জয় কিষাণৰ সংবাদমেল,৮ টা আঁচনি অনলাইন মাধ্যমেৰে আবেদনপত্ৰ গ্ৰহণৰ ব্যৱস্থা

0

অসম চৰকাৰৰ শ্ৰম আৰু চাহ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে আজি তিনিচুকীয়া আৱৰ্ত ভৱনত দিনৰ ৩ বজাত এখন সংবাদমেল আয়োজন কৰে । এই সংবাদমেলত তিনিচুকীয়া জিলাৰ প্ৰায় সংখ্যক সাংবাদিক উপস্থিত থাকে । মন্ত্ৰীজনে প্ৰথমেই সাংবাদিক সকলক স্বাগতম জনাই কয়-অসমৰ চাহ জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে সৰ্বস্তৰৰ শিক্ষা , স্ব-নিয়োজিত যুৱক- যুৱতীসকলৰ আৰ্থিক উপাৰ্জন বৃদ্ধিৰে আত্মসংস্থাপন তথা মহিলাসকলৰ মাজত আত্মসহায়ক গোটৰ জৰিয়তে সজাগতা বৃদ্ধি আৰু বিত্তীয় অনুদান প্ৰদান কৰাৰ লক্ষ্যৰে চাহ জনজাতি কল্যাণ বিভাগে ৮ টা আঁচনি সম্পূৰ্ণ স্বচ্ছ,ক্ৰুটিবিহীন আৰু নিদিষ্ট সময়ত সূচাৰুৰূপে ৰূপায়ণৰ লক্ষ্যৰে অনলাইন মাধ্যমেৰে আবেদনপত্ৰ গ্ৰহণৰ ব্যৱস্থা কৰিছে।মন্ত্ৰীজনে আঁচনি সমূহৰ বিৱৰণ দিয়ে এনেদৰে-
১/প্ৰাক প্ৰৱেশিকা জলপাণিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত দুই কোটি টকা ধাৰ্য্য কৰা হৈছে ।
২/চাইমন সিংহৰ প্ৰৱেশিকোত্তৰ বিশেষ জলপাণি আঁচনিৰ বাবে ২০২১ বিত্তীয় বৰ্ষত ৭ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৩/ প্ৰৱেশিকোত্তৰ জলপানিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ৬ কোটি টকা ধাৰ্য্য কৰা হৈছে। ৪/ উচ্চ শিক্ষাৰ বাবে বিত্তীয় অনুদান আঁচনিৰ আধিনত ২০২১ বিত্তীয় বৰ্ষত ২ কোটি টকা ধাৰ্য্য কৰা হৈছে।
৫/ এই এন এম ,জি এন এম নাৰ্ছ আৰু পেৰামেডিকেল কাৰিকৰী শিক্ষা বিত্তীয় অনুদান আঁচনিৰ অধীনত ২০-২১ বিত্তীয় বৰ্ষত ৪ কোটি টকা ধাৰ্য্য কৰা হৈছে ।
৬/ উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ আঁচনিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ১ কোটি টকা ধাৰ্য্য কৰা হৈছে ।
৭/ শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজন আঁচনিৰ বাবে ২০-২১ বিত্তীয় বৰ্ষত ৪০ কোটি টকা ধাৰ্য্য কৰা হৈছে।
৮/ মহিলা আত্মসহায়ক গোটলৈ আৰ্থিক অনুদান আঁচনিৰ অধীনত ২০-২১ বিত্তীয় বৰ্ষত ১ কোটি টকা ধাৰ্য্য কৰা হৈছে । মন্ত্ৰীজনে এই ৮ টা আঁচনিৰ বাবে অনলাইন মাধ্যমেৰে আবেদনপত্ৰ গ্ৰহণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে আৰু অধিক তথ্যৰ বাবে অসম চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বেৱছাইট www ttwd.assam.gov.in ৰ জৰিয়তে যোগাযোগ কৰি অনলাইন প্ৰ-প্ৰত্ৰ দাখিলৰ বাবে URL Https://sirish.ttwonlineapplication ত লগইন কৰিব পৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব দিয়ে।

সৰুপথাৰৰ গৰু ব্যৱসায়ী অপহৰণ কাণ্ডৰে জড়িত ৩ অভিযুক্তক আটক

0

গোলাঘাট জিলাৰ সৰুপথাৰৰ গৰু ব্যৱসায়ী ইফটিকাৰ আহমেদৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ লগত জড়িত ৩ অভিযুক্তক আটক কৰা হৈছে।ধৃত কেইজন হ’ল বিকাশ তাতী,অনন্ত তাতী,সৰু কৰ্মকাৰ। বিকাশ আৰু অনন্ত তাতীৰ ঘৰ পাভজান বাগানত । সৰু কৰ্মকাৰৰ ঘৰ ভগবান বাগানত। এতিয়াও পলাতক হৈ আছে মুল অভিযুক্ত চেইনপুৰৰ হেম বৰুৱা।অসম-নগালেণ্ড সীমান্তৰ চেইনপুৰৰ পৰা আনলা আৰু আমছুৰ সদস্যই আটক কৰিছে অভিযুক্ত তিনিজনক।গৰু ব্যৱসায়ী ইফটিকাৰ আহমেদক হত্যাকৰী ভগবান বাগানত মৃতদেহ পুতি থোৱা হৈছে বুলি স্বীকাৰ কৰিছে ধৃত অভিযুক্ত তিনিটাই।বৰপথাৰ আৰক্ষী থানাত ৰখা হৈছে ধৃত কেইজনক।ধৃত অপহৰণকাৰী কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত পাভজানত হাত-ভৰি বন্ধা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে।থানাখনত বিৰাজ কৰিছে উত্তেজনাময় পৰিস্থিতি।

বিজেপিলৈ নাযায় কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতি

0

কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ক্লে‌ংডুন ইংতিৰ সংবাদমেল।বিজেপিত যোগদান নকৰে ক্লে‌ংডুন ইংতিয়ে।বোকাজানস্থিত নিজ গৃহত সংবাদমেলযোগে এই কথা সদৰী কৰে বিধায়ক গৰাকীয়ে।বিজেপিত যোগদান কৰাৰ চৰ্চা হৈছিল কংগ্ৰেছী বিধায়ক গৰাকীৰ।সেই কথা সম্পূৰ্ণ মিছা বুলি অভিহিত কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে।বিজেপিয়ে টিকট দিলেও বিজেপিলৈ যোৱাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে ক্লে‌ংডুন ইংতিয়ে।আহিবলগীয়া নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দাবী কৰিব কংগ্ৰেছী বিধায়ক গৰাকীয়ে।