Home Blog Page 3

নগাঁও জিলাৰ কঠিয়াতলীৰ শগুণত মৃতদেহ উদ্ধাৰ

0

নগাঁও জিলাৰ কঠিয়াতলীৰ শগুণত এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে এজন পুৰুষৰ মৃতদেহ। ১৫ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল মতিচন্দ গৌৰ নামৰ লোকজন। সোমবাৰে পুৱা লোকজনৰ মৃতদেহ এটা পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে। অত্যাধিক মদ্যপানৰ ফলত পুখুৰীত পৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

নগাঁও জিলাৰ জুৰীয়াত নিশা পৰ্য্যন্ত উৰিল ৰাষ্ট্ৰীয় পতাকা

0

নগাঁও জিলাৰ জুৰীয়াৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত চূড়ান্ত অপমান ৰাষ্ট্ৰীয় পতাকাক। সন্ধিয়াৰ পিছতো বিদ্যালয়ত উৰি থাকিল জাতীয় পতাকা। দেশজুৰি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ দিনাই জুৰীয়াত চূড়ান্ত অৱমাননা কৰা হ’ল জাতীয় পতাকাক।জুৰীয়াৰ কদমণি পথাৰস্থিত জুৰীয়া আদৰ্শ বিদ্যাপীঠত নিশা পৰ্যন্ত উৰিল জাতীয় পতাকা।বিদ্যালয় কৰ্তৃপক্ষৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবেই অৱমাননা হ’ল জাতীয় পতাকা।বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় মাগিলে মহেন্দ্ৰ সিং ধোনীয়ে

0

সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীক নিৰাশ কৰি আজি এটা Instagram post যোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ‘মাহী’ খ্যাত তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে। ভাৰতীয় ক্ৰিকেট দলক দুবাৰকৈ বিশ্বকাপ জয়ৰ সোৱাদ দিয়া ৩৯ বৰ্ষীয় উইকেট ৰক্ষক বেটছ্মেন গৰাকীৰ অৱসৰৰ বাতৰিয়ে আৱেগিক কৰি তুলিছে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীক। উল্লেখ্য যে ২০০৪ চনৰ ২৩ তাৰিখৰ দিনা বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা মহেন্দ্ৰ সিং। ধোনীয়ে নিজৰ ষোল্ল বছৰীয়া বৰ্ণিল ক্ৰিকেট কেৰিয়াৰত মুঠ ৯০ খন টেষ্ট মেছত সৰ্বমুঠ ৪৮৭৬ ৰাণ সংগ্ৰহ কৰে আৰু ২৫৬টা কেচ ধৰাৰ লগতে,৩৮ টা ষ্টাম্পিং কৰে।
একেদৰে, মুঠ ৩৫০খন এদিনীয়া ক্ৰিকেটত ৫০.৫৩ গড় ৰাণেৰে সৰ্বমুঠ ১০৭৭৩ ৰাণ সংগ্ৰহ কৰে আৰু ৩২১ টা কেচ ধৰাৰ লগতে ১২৩ টা ষ্টাম্পিং কৰে।
আনহাতে ৯৮ খন টি টুৱেন্টি মেছত ৩৭.৬০ গড় ৰাণেৰে সৰ্বমুঠ ১৬১৭ ৰাণ সংগ্ৰহ কৰে আৰু ৫৮ টা কেচ ধৰাৰ লগতে, ৩৪ টা ষ্টাম্পিং কৰে।

ঢকুৱাখনাত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন

0

আজি ১৫ আগষ্ট। সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ আজি স্বাধীনতা দিৱস।দেশৰ ভিন্ন প্ৰান্তৰ লগতে আজি ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত মহকুমাৰ উদ্যোগত আয়োজন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস।শ্বহীদ তৰ্পনৰ পিছতেই মহকুমাধিপতি অৰিন্দম বৰুৱাই পতাকা উত্তোলন কৰে আৰু লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়।ইফালে,কৰোণা মহামাৰীৰৰ বাবে এইবাৰ কেৱল অসম
আৰক্ষী,চি আই এচ এফ আৰু এটা গৃহৰক্ষী বাহিনীৰ জোৱানেহে প্ৰদৰ্শন কৰা দেখা যায় পেৰেড।ক’ভিডৰ বাবে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশনা অনুসৰি সকলোৱে মাস্ক,সামাজিক দূৰত্ব অৱস্থান কৰা পৰিলক্ষিত হয়।

টীয়কত স্বাধীনতা দিৱস উদযাপন

0

টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত টীয়ক পৌৰসভা আৰু ৰাইজৰ সহযোগত টীয়কৰ অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখৰ চৌহদত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আকাশী দুৱৰাই পতাকা উত্তোলন কৰে।উক্ত কাৰ্যসূচীত বিভিন্ন সামাজিক ক্ষেত্ৰৰ কেইবাগৰাকীও বিশেষ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।পতাকা উত্তোলনৰ পূৰ্বে শ্বহীদ তৰ্পণ কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানে শ্বহীদ তৰ্পন কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে।

ঘোষিত নাহৰকটীয়া মহকুমাৰ যাৱতীয় কাম-কাজ খৰতকীয়া কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪ ঘন্টীয়া অনশন

0

আজি পুৱা ৯ বজাৰ পৰা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ স্মৃতি ভৱনৰ সন্মুখত ঘোষিত নাহৰকটীয়া মহকুমাৰ যাৱতীয় কাম-কাজ খৰতকীয়া কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী।এই কাৰ্যসূচীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা নাহৰকটীয়াবাসী ৰাইজসহ প্ৰায় অৰ্ধশতাধিক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হ’ল। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতুপৰ্ণ গগৈয়ে কয় যে আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল নাহৰকটীয়া মহকুমা হিচাপে ঘোষণা কৰাতো। সেই নিমিত্তে ২০১৬ চনৰ ০১ জানুৱাৰীত সেইসময়ৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাহৰকটীয়াক মহকুমা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল কিন্তু আজি পৰ্যন্ত কেৱল মহকুমা ন্যায়ালয়খনৰ বাদে কোনোধৰণৰ মহকুমা সম্পৰ্কীয় কাম-কাজ আগ নবঢ়াত এই মহকুমাক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনক অনশনস্থলীৰ পৰাই সকীয়নি প্ৰদান কৰে আৰু অতিশীঘ্ৰে নাহৰকটীয়া মহকুমাৰ কাম-কাজ খৰতকীয়া কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

“কা”বাতিল আৰু অসম চুক্তি ৰূপায়ণৰ দাবীত টীয়কত আছুৰ অৱস্থান ধৰ্মঘট

0

দেশ আজি মহামাৰী কৱলত ককবকাই থকাৰ মাজতে পুনৰ যেন ৰাজ্যত উকমুকনি উঠিছে “কা” বিৰোধী সংগ্ৰামে ৷ ক’ৰ’নাৰ এই সন্ত্ৰাস বাবেই যেন কিছু স্তিমিত হৈছিল এই “কা” বিৰোধী সংগ্ৰাম৷কিন্তু আজি পুনৰ টীয়কত ,টীয়ক আঞ্চলিক ছাত্ৰ সন্থা আৰু শিমলুগুৰি মৌজা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক, আৰু টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ তথা ৰাইজৰ সহযোগত টীয়ক নগৰৰ মাজমজিয়াত ৰূপায়ণ কৰে এক অবস্থান ধৰ্মঘট৷ প্ৰতিবাদকাৰীসকলৰ স্পষ্ট মত ঐতিহাসিক অসম আন্দোলনৰ ফচল স্বৰূপ “অসম চুক্তিৰ” প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজপাটত বহা এইখন চৰকাৰে চুক্তি ৰূপায়ণ কৰাৰ পৰিবৰ্তে অসমীয়া মানুহৰ আৱেগ ভৰিৰে মোহাৰি যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আাইন জাপি দিব বিছাৰিছে সেই আইন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি মতপোষণ কৰে প্ৰতিবাদকাৰীসকলে৷

অসম চুক্তিৰ ৬ নং দফাত নাই শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ বাবে কোনো উল্লেখযোগ্য সুবিধা

0

পোহৰলৈ আহিছে অসম চুক্তিৰ বিসংগতি ৷ অথলে গ’ল অসম আন্দোলনৰ শ্বহীদ- নিৰ্যাতিতৰ ত্যাগ আৰু বলিদান ৷অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰস্তুত হোৱা অসম চুক্তিৰ ৬ নং দফাত নাই শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ বাবে কোনো উল্লেখযোগ্য সুবিধা ৷ শেহতীয়াকৈ আছুৱে অসম চুক্তিৰ ৬নং দফা ৰাজহুৱা কৰাৰ পিছতে চিন্তিত হৈ পৰিছে শ্বহীদ- নিৰ্যাতিত পৰিয়াল ৷আগন্তুক স্বাধীনতা দিৱসত শ্বহীদ- নিৰ্যাতিত পৰিয়ালৰ চৰকাৰী নিযুক্তি সন্দৰ্ভত স্পষ্ট নকৰিলে আমৰণ অনশন ৰূপায়ণ কৰিব বুলিও হুংকাৰ দিয়ে কুনুৰাম ৰংহাং নামৰ এগৰাকী শ্বহীদৰ পুত্ৰই ৷ আনহাতে, অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত জপিয়াই পৰা বীৰ শ্বহীদৰ পৰিয়ালৰ বাবে ই অতিকৈ দুখঃজনক বিষয় বুলি আক্ষেপ প্ৰকাশ কৰে সদৌ অসম শ্বহীদ- নিৰ্যাতিত পৰিয়াল পৰিষদে ৷ এইক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰক জবাবদিহি কৰে সংগঠনটোৱে ৷ ইফালে,শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ ৩১৫ গৰাকী সদস্যৰ ভিতৰত ৫ গৰাকীক চৰকাৰে সংস্থাপন দিছে যদিও এতিয়াও সংস্থাপন লাভ কৰা নাই ৩১০ গৰাকী সদস্যই ৷ অসম আন্দোলনৰ শ্বহীদক কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থাকিলেই নহ’ব; শ্বহীদ তথা নিৰ্যাতিতৰ পৰিয়াল আৰু সদস্যই কি পৰিস্থিতিত দিন অতিবাহিত কৰিছে সেয়াও চৰকাৰে বিচাৰ কৰিব লাগিব বুলিও আক্ষেপ প্ৰকাশ কৰে শ্বহীদ নিৰ্যাতিত পৰিয়ালে।

অগপৰ প্ৰয়াত নেতা বাবুৰাম বে’ৰ বাসগৃহত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

0

২১ জুলাই তাৰিখে বোকাজানত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা অগপৰ প্ৰাক্তন নেতা বাবুৰাম বে’ৰ গৃহত প্ৰফুল্ল কুমাৰ মহন্ত।বাবুৰাম বে’ সমাজৰ অগ্ৰণী ব্যক্তি হিচাপে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক লগতে অগপ বোকাজান জিলা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। বোকাজান নগৰ সমিতিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা পাৰ্বত্য পৰিকল্পনা বৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ আছিল বাবুৰাম বে’। পৰবৰ্তী পৰ্য্যায়ত তেওঁ বিজেপি দলত যোগদান কৰি সমাজলৈ সেৱা আগবঢ়াই আহিছিল।প্ৰফুল্ল কুমাৰ মহন্তই বাবুৰাম বে’ ৰ উপস্থিত হৈ তেওঁৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে বোকাজানৰ বিধায়ক নোমল মমিন।অসমৰ স্বাৰ্থৰ কাৰণে, আঞ্চলিক দল শক্তিশালী কৰিবৰ বাবে সদায় মাতি যাম বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে।

লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ ৪ জন ক’ভিড পজিটিভ

0

সমগ্ৰ ৰাজ্যতে কৰ’ণাৰ গণ সংক্ৰমণে এক ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে লাহৰীঘাট আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ শইকীয়াৰ লগতে চাৰি গৰাকীৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰে।লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ শইকীয়াই দুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল।কালি বিষয়াজনে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি ৰেপিড টেষ্ট কৰাত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে।বৰ্তমান ভাৰপ্ৰাপ্ত বিষয়াজন হ’ম আইচ’লেচনত আছে।আজি স্বাস্থ্য বিভাগে থানাখনত ৰেপিড টেষ্ট কৰাত থানাখনৰ উপ পৰিদৰ্শক যোগেন চন্দ্ৰ শৰ্মা,ইউ বি চি মুকতোল ইছলাম, নাইন এপিবিএন ৰাফেল গায়ন আৰু থানাত বনকৰা মহিলা ফজিলা খাতুনৰ পজিটিভ ধৰা পৰে।