Home Blog Page 4

পূব বৰপথাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনা অনাস্থাত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

0

দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পূব বৰপথাৰ গাঁও পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে অনা অনাস্থাত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ। কিছুদিন পূৰ্বে পূব বৰপথাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে একাংশ তথাকথিত বিজেপি দালালৰ প্ৰৰোচনাত অনাস্থা আনিছিল পঞ্চায়তখনৰ সভাপতিৰ বিৰুদ্ধে ।যাৰ ফলত অপসাৰিত হৈছিল দেবানন্দ শইকীয়া সভাপতি আসনৰপৰা।এই অভিযোগ ৰাইজৰ ভোটেৰে নিৰ্বাচিত পূব বৰপথাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ।আৰু এই পৰিকল্পিত অনাস্থাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ দিছিল দেবানন্দ শইকীয়াই । উচ্চ ন্যায়ালয়ে সভাপতি দেবানন্দ শইকীয়াৰ বিৰুদ্ধে ৱাৰ্ড সদস্যই অনা অনাস্থা প্ৰস্তাৱত স্থগিতাদেশ জাৰি কৰে।উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায়দান নিদিয়া পৰ্যন্ত এই স্থগিতাদেশ বাহাল থাকিব বুলি জানিবলৈ দিয়ে সভাপতি
গৰাকীয়ে।উচ্চ ন্যায়ালয়ৰ সভাপতি গৰাকীৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱত স্থগিতাদেশ জাৰি কৰাৰ পিছতে বৃহস্পতিবাৰে ৰাইজে পূব বৰপথাৰ গাঁও পঞ্চায়তৰ কাৰ্য্যালয়লৈ আদৰি আনি ফুলাম গামোচাৰে সন্মান জনাই সভাপতিগৰাকীক। ৰাইজৰ উপস্থিতিত উচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশক সন্মান জনাই পুনৰ পূব বৰপথাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ আসন গ্ৰহণ কৰে দেবানন্দ শইকীয়াই।

কঠীয়াতলীৰ ৰেংবেঙত মুমূৰ্ষু অৱস্থাত পথৰ কাষত উদ্ধাৰ অচিনাক্ত ব্যক্তি

0

নগাওঁ জিলাৰ ৰেংবেঙৰ উৰণীয়া সেতুৰ তলৰ পথত তিনিদিন ধৰি শুই থকা এজন মুমূৰ্ষু অচিনাক্ত ব্যক্তিক স্থানীয় সচেতন ব্যক্তি উমপ্ৰকাশ শুক্লা ৰ সহযোগত উদ্ধাৰ কৰে।স্থানীয় সচেতন ব্যক্তি ওমপ্ৰকাশ শুক্লাই ব্যক্তিজনৰ বিষয়ে গম পাই স্থানীয় কঠীয়াতলী আৰক্ষী চকীত খবৰ দিয়ে। আৰক্ষীয়ে ততাতৈয়াকৈ ১০২ ত খবৰ দি অচিনাক্ত ব্যক্তি জনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

শ্ৰী ৰাম জনমভূমি মন্দিৰ ট্ৰাষ্টৰ মুখ্য মহন্ত নৃত্য গোপাল দাসৰ দেহত ধৰা পৰিছে কভিড ১৯

0

অযোধ্যাৰ ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ মুখ্য মহন্ত ৮২বছৰীয়া নৃত্য গোপাল দাসৰ দেহত ধৰা পৰিছে কৰণাৰ অৱস্থিতি। বৃহস্পতিবাৰে ৰাতিপুৱা মথুৰাত তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।
শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ উপলক্ষে মথুৰালৈ আহিছিল মহন্তগৰাকী। শ্ৰী কৃষ্ণ জনমভূমি ন্যাসৰো অধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে নৃত্য গোপাল দাসে।
তেখেতৰ স্বাস্থ্যৰ খৱৰ লৈ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ততাতৈয়াকৈ এগৰাকী দক্ষ হৃদৰোগ বিশেষজ্ঞৰ লগত কথা পাতি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে মহন্ত নৃত্য গোপাল দাস ৰাম জনমভূমিৰ শিলান্যাস অনুষ্ঠানত উপস্থিত আছিল। যত তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে একেলগে বহিছিল। উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীও উপস্থিত আছিল।

বানে ধোৱা টীয়কৰ জাঁজীমুখত বিজেপিৰ পশু চিকিৎসা শিবিৰ

0

টীয়ক সমষ্টিৰ বানবিধস্ত অঞ্চল জাঁজীমুখৰ প্লেটফৰ্ম, জপংগাঁও,বেজৰচিগা,ভকতগাঁও,কুমাৰগাঁও অঞ্চলত ভাৰতীয় জনতা পাৰ্টি কলিয়াপানী মণ্ডলৰ উদ্যোগত আৰু কাকজান ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত এক বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । জাঁজীমুখ প্লেটফৰ্মত অনুষ্ঠিত হোৱা বানবিধস্ত অঞ্চল সমূহৰ প্ৰায় এক হাজাৰ পশুধনৰ টীকাকৰণকে ধৰি বিভিন্ন ঔষধ-পাতি প্ৰদান কৰা হয় । কলিয়াপানী মণ্ডলৰ উপ-সভাপতি অভিজিত বৰুৱাই উদ্দেশ্য বাখ্যা কৰা চিকিৎসা শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাষ্ট্ৰীয় কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই।চিকিৎসা শিবিৰত বিজেপিৰ জিলা সভাপতি কামাখ্যা মোহন দাস, সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ,টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰা গগৈ,পশু চিকিৎসক ডা: প্ৰবীণ কুমাৰ নেওঁগ, কলিয়াপানী ব্লক সভাপতি দীপক শইকীয়া,প্ৰমুখ্যে দলীয় কৰ্মকর্তাসকল উপস্থিত থাকে।

ভাৰতত এদিনতে ক’ৰ’ণাত আক্ৰান্ত ৬৬,৯৯৯; মৃত্যু ৯৪২ গৰাকীৰ

0

দেশত ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত সৰ্বাধিক ৬৬,৯৯৯ গৰাকী আক্ৰান্ত হৈছে ‘ক’ভিড ১৯’ ত ।আনহাতে, যোৱা ২৪ ঘন্টাত দেশত মৃত্যু ঘটিছে ৯৪২ গৰাকী ক’ভিড ৰোগীৰ। দেশত বৰ্তমানলৈ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা পালেগৈ ২৩,৯৬,৬৩৮।ইপিনে, দেশত এতিয়ালৈকে ৪৭,০৩৩ গৰাকী লোকৰ ক’ভিডত মৃত্যু হৈছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাজীব ত্যাগীৰ বিয়োগ

0

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা উত্তৰ প্ৰদেশৰ কংগ্ৰেছ নেতা ৰাজীৱ ত্যাগীৰ বুধবাৰে নয়দা হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। ৫২ বছৰীয়া নেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ কংগ্ৰেছ দল।

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সৰ্ন্দভত উৰাবাতৰি প্ৰচাৰ;টুইটাৰযোগে স্পষ্ট কৰিলে পুত্ৰই

0

কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সন্দৰ্ভত একাংশই ছ’ছিয়েল মিডিয়াযোগে উৰাবাতৰি চলোৱাক লৈ ক্ষুণ্ণ হৈ পৰিছে মুখাৰ্জীৰ পুত্ৰ। উল্লেখ্য যে,একাংশই প্ৰণৱ মুখাৰ্জীৰ মৃত্যু হোৱা বুলি উৰাবাতৰি প্ৰচাৰ কৰাক লৈ টুইটাৰযোগে পুত্ৰ অভিজিত মুখাৰ্জীয়ে কয় যে,তেওঁৰ পিতৃ এতিয়া জীয়াই আছে আৰু সুস্থ অৱস্থাত আছে।

হাৰ্ট থ্ৰ’ব জুবিনৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ; দিশপুৰ থানাত গোচৰ তৰিলে জুবিনে

0

মহানগৰীত নিশা জুবিন গাৰ্গৰ ওপৰত আক্ৰমণ।যোৱা নিশা বাৰ বাজি পঞ্চল্লিছ মিনিটত পত্নীৰ স’তে ঘৰলৈ আহি থকা সময়তে AS 01 BY 0675 নম্বৰৰ বাহনত অহা ছজনীয়া দুৰ্বৃত্তৰ এটা দলে গণেশ মন্দিৰৰ সন্মুখত বাট আগচি ধৰি তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ লগতে আক্ৰমণৰ অপচেষ্টা চলা্ই যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গক।ইতিমধ্যে, জুবিনে উক্ত ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।উল্লেখ্য যে,অসম চৰকাৰৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে চ’ছিয়েল মিডিয়াত জুবিন যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগা হোৱাত এই ঘটনাই জুবিন চৰম নিৰাপত্তহীনতাত ভোগাৰ কথাকে প্ৰতিপন্ন কৰিলে।

বিজ্ঞান শাখা প্ৰবৰ্তনৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ ৰাজ্যিক শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ সৰুপেটাবাসীৰ

0

২০১৭ বৰ্ষৰ শ্বহীদ দিৱসৰ দিনটোত সৰুপেটাস্থিত বিএইচবি মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তনৰ প্রতিশ্রুতি দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে। পিছে এই প্ৰতিশ্ৰুতিৰ পাছত কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে | যাক কেন্দ্ৰকৰি যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি হোৱা দেখা গৈছে |কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ বজালী জিলা সমিতি আৰু সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সৰুপেটা আঞ্চলিক সমিতিৰ এটা সঁজাতী দলে আজি ৰাজ্যিক শিক্ষা মন্ত্রী ভৱেশ কলিতাক বিষয়টো অৱগত কৰাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰে |কলিতা জনগোষ্ঠী সন্মিলন,অসমৰ বজালী জিলা সমিতিৰ সম্পাদক বাপন লাল চৌধুৰী, সদস্য মৃদুল তালুকদাৰ, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নয়ন পাঠক,বজালী জিলা সমিতিৰ সম্পাদক প্ৰাণজিত দাস, সৰুপেটা আঞ্চলিক সমিতিৰ সভাপতি কুৰ্ণাল মেধি, সম্পাদক ভৃগু দাস আৰু উপ সভাপতি কাশ্যপ কলিতাই দুয়োতা সংগঠনৰ প্ৰতিনিধি হিচাপে সঁজাতী দলটোত অংশ লয় |

মুন্নাভাইখ্যাত জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত আক্ৰান্ত হৈছে কেঞ্চাৰত

0

বলিউদৰ মুন্নাভাইখ্যাত জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা সঞ্জয় দত্ত আক্ৰান্ত হৈছে কেঞ্চাৰত।ষ্টেজ তিনিত আছে মুন্নাভাইৰ হাওঁফাওঁৰ কেঞ্চাৰ।মুম্বাইৰ লীলাৱতী হস্পিটেলত
তিনি দিন পূৰ্বে শ্বাস-প্ৰশ্বাসত হোৱা অসুবিধাৰ বাবে ভৰ্তি হৈছিল সঞ্জয় দত্ত।তাৰ পিছতে তেওঁৰ কভিড-১৯টেষ্ট কৰোৱা হয়। যি পিছত নিগেটিভ আহে।কিন্তু সম্পূৰ্ণ নিৰীক্ষণৰ পিছত যি ৰিজাল্ট ওলাল সেয়া আছিল অতিশয় দুঃখজনক। দত্ত হাওঁফাওঁৰ কেঞ্চাৰত আক্ৰান্ত হৈছে। তাকো ষ্টেজ তিনি।এডভান্স ষ্টেজত আছে এতিয়া সঞ্জয় দত্তৰ কেঞ্চাৰ। জানিবপৰা মতে দহ আগষ্টৰ দিনা তেওঁক হস্পিটেলৰ পৰা ছুটি দিয়া হৈছে।চিকিৎসাৰ বাবে আমেৰিকালৈ যোৱাৰ সম্ভাৱনা আছে মুন্নাভাই।